নিয়ৰ কবিতাৰ প্ৰশ্ন (viii)
১) কিহে মানুহৰ মনলৈ অনাবিল সুখ কঢ়িয়াই আনে ? ২) মুকুতা মণি বুলি কবিয়ে কিহক বুজাইছে? ৩) ফটিক পানীত ধোৱা কি বস্তু ফুলৰ পাহীত জিলিকিছে ? ৪) সৰগত কোন টোপনি গৈ আছিল ? ৫) কবিয়ে কি সৰি থকাৰ কথা কৈছে ? ৬) নিয়ৰে হিয়াত কি সাঁচি থৈছে ? ৭) নিজম আকাশৰ নিচুক কথাটি কোনে হিয়াত সাঁচি থৈছে ? ৮) ফুলনিত কাৰ ডিঙিৰ মণি ছিগি ৰ'ল ? ৯) "ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ ৰ'ল চিন এইকণি," ---- ইয়াত কি চিন ৰোৱা ৰ কথা কৈছে ? ১০) ফুলজুপি কিহে শোভা কৰি আছিল ? ১১) কবিয়ে আপোন ভাৱত বিভোৰ হৈ কি চাই আছিল ? ১২) নিয়ৰৰ কলিৰে সুশোভিত ফুলজুপিত থকা নিয়ৰ কিহে সৰাই পেলালে ? ১৩) নিয়ৰ কবিতাৰ কবি কোন ? ১৪) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি ? ১৫) চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কিয় কোৱা হয় ? ১৬) প্ৰতিমাৰ খনিককৰ বুলি কোনজন কবিক কোৱা হয় ? ১৭) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা । ১৮) 'জোনাকী কাকত ' ৰ প্ৰথম সম্পাদক কোন আছিল ? ১৯) জিনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় ? ২০) নিয়ৰ কবিতাৰ মূলভাৱ লিখা । ২১) ব্যাখ্যা কৰা - ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'...