Bitupon Dutta
কৰ্মযোগী বন্ধুজনৰ সান্নিধ্যৰ এক অনুভৱ
--- মুনিন্দ্ৰ গগৈ
জন্ম আৰু মৃত্যু, প্ৰকৃতিৰ চিৰন্তন সত্য। কিন্তু এই বাস্তৱ সত্যক মানি লবলৈ কেতিয়াবা টান হৈ পৰে। বিতুপন দত্ত বাপজনা ৰ আকস্মিক মৃত্যৰ কথা শুনি কিছুসময় বাকৰুদ্ধ হোৱাৰ দৰে হৈ পৰিছিলো, কিয়নো এই কথা মানি লবলৈ একেবাৰে সহজসাধ্য নাছিল। তথাপিও আমি এই সত্যক স্বীকাৰ কৰিবই লাগিব।
বিতুপন দত্ত সকলোৰে এটা পৰিচিত নাম যি সকলোৰে প্ৰিয়পাত্ৰ আছিল, যি সকলোৰে লগত মিলি যাব পাৰিছিল, যি সকলোকে সহায় কৰি ভাল পাইছিল, যি নিজৰ কথা চিন্তা নকৰি সমগ্ৰ জীৱন সমাজৰ বাবে উচৰ্গা কৰিছিল তেনে এজন ব্যক্তিক সমাজে কেতিয়াও পাহৰিব নোৱাৰে।তেখেত আছিল একাধাৰে সমাজকৰ্মী, সাহিত্য সংস্কৃতিৰ সাধক, খোলবাদ্য তথা বৰগীতৰ বিশাৰদ, সুগায়ক, এগৰাকী সু-পৰামৰ্শদাতা তথা মানৱ দৰদী এগৰাকী ব্যক্তি যি ৭৩ বাৰকৈ ৰক্তদান কৰি আৰ্তজনক সহায় কৰি মানৱতাৰ পৰিচয় দিছিল।
সেইদিনা আছিল ১৮/০৬/২০২২ তাৰিখ, শনিবাৰ। হৰ্ঠাতে আহিল সেই অবিশ্বাস্য খবৰটো যে বিতুপন দত্ত আৰু নাই। দুচকুৰে দুধাৰি চকুলো বৈ আহিছিল, এনে লাগিছিল যেন হৰ্ঠাতে স্তব্ধ হৈ পৰিছিল সময়, স্তব্ধ হৈ পৰিছিল যেন গ্ৰহ-নক্ষত্ৰৰ গতি। তথাপিও নিয়তিৰ বিধানক সত্য বুলি স্বীকাৰ কৰি নিজৰ মনটোক পতিয়ন নিয়াবলৈ সক্ষম হ'লো। বিতুপন দত্ত বাপজনাৰ মৃত্য সমাজৰ বাবে সচাকৈয়ে এক বৃহৎ ক্ষতি। তেখেতৰ সৈতে অতিবাহিত কৰা মধুৰ ক্ষণবিলাক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। শংকৰ শংঘৰ সভা-সমিতি বা বিভিন্ন কাম কাজত তেখেতে মোক বিভিন্ন ঠাইলৈ লগ ধৰিছিল, কেৱল মই বুলি নহয়, গাঁৱৰ যাকেই পাই, তাকেই লগ ধৰি লৈ গৈছিল আৰু কোনেও কিন্তু নাযাওঁ বুলি কোৱা নাছিল, কাৰণ দত্ত বাপক সৰু ৰ পৰা বৃদ্ধলৈকে সকলোৱেই ভাল পাইছিল। তেখেতক মই এগৰাকী বন্ধু, দাদা, সহকৰ্মী আৰু এজন সু পৰামৰ্শদাতা হিচাপে লগ পাইছিলো। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী ৰ কামৰ সময়ত তেখেতক মই সহকৰ্মী হিচাপে পাইছিলো। তেখেতৰ সৈতে কাম কৰি খুবেই ভাল লাগিছিল। তেখেত যিকোনো কামতেই সিদ্ধহস্ত আছিল। কিয়নো তেখেতে যি কোনো কাম অতি সহজতে কৰা সূত্ৰ আবিষ্কাৰ কৰি লব পাৰিছিল। নামটো যেনেকৈ বিতুপন, কামবোৰ ও আছিল বিতুপন, অতি সুন্দৰ, নিয়াৰী ,পৰিপাটী। সেয়ে মই এদিন তেখেতক কৈছিলো, " বিতুপন দা, আপোনি ইমানবিলাক বিভাগৰ দায়িত্বত আছে, আৰু ইমান চিন্তামুক্তভাৱে কামবিলাক কৰি যায়, কেনেকৈ কৰে বাৰু ? আপোনি এনেধৰণেৰে কামবিলাক কৰে যেন একো কামেই কৰা নাই। কিন্তু সুকলমে সকলো কাম হৈ যায়।" তেখেতে মাত্ৰ হাঁহি এটা মাৰি কৈছিল, " হয় জানো ?, একো কাম নকৰাটোহে হ'লগৈ নে ? এবাৰ সংঘৰ কামত ঢেকিয়ালৰ পৰা আহি থাকোতে এৰেঙাপাৰ চাৰিআলিত পুলিচে মটৰ চাইকেল ৰ অনুজ্ঞা-পত্ৰ আদি বিচাৰি আমাক ৰখাইছিল। কিন্তু মোৰ পিছফালে বাইকত অহা বিতুপন দত্ত ডাঙৰীয়াই শংকৰ সংঘৰ বিভিন্ন কাগজ-পত্ৰ আদি বেগৰ পৰা উলিয়াই দি কৈছিল, "আমাৰ ওচৰত এইবিলাকৰ বাহিৰে আৰু একো নাপায়।" লগালগ পুলিচে ও 'যাওক যাওক' বুলি আমাক পঠিয়াই দিছিল। দত্ত ডাঙৰীয়া আমাৰ ঘৰলৈ আগতে সন্ধিয়া প্ৰায় আহিছিল, আৰু আমাৰ গৃহ ত কচু শাকেৰে প্ৰায়য়েই ভাত খাবলৈ পাইছিল। সেয়ে কেইদিন মানৰ পাছত যদি আকৌ আহে , মাক বব' বুলি সম্বোধন কৰি এইবুলি কৈছিল, " বব', আজি আকৌ আহিলো, কচু শাক আছেনে ? আপোনি ৰন্ধা কচু শাক খাই সচাকৈয়ে বৰ ভাল পাওঁ।"
যিকি নহওক দাদা তথা বন্ধুবৰ বিতুপন দত্তৰ এই সান্নিধ্যৰ মুহুৰ্তসমূহ কেতিয়াও পাহৰিব নোৱাৰিম। বিতুপন দা, আপোনি আজি আমাৰ মাজত নাই যদিও আপোনাৰ সান্নিধ্যৰ এই স্মৰণীয় মূহুৰ্তবোৰ আৰু আপোনাৰ কৰ্মৰাজী সদাই স্মৰণীয় হৈ থাকিব। আপোনাৰ সান্নিধ্যৰ সময়ছোৱাত জ্ঞাতে বা অজ্ঞাতে যদি কিবা দোষ লগাইছিলো, তাৰ বাবে ক্ষমা কৰিব। ভগৱানৰ ওচৰত একান্তচিত্তে প্ৰাৰ্থনা জনাও যে, আপোনাৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু বৈকুণ্ঠত স্থান পাওক, এয়ে আমাৰ কাম্য।
**************************
Comments
Post a Comment