নিয়ৰ কবিতাৰ প্ৰশ্ন (viii)
১) কিহে মানুহৰ মনলৈ অনাবিল সুখ কঢ়িয়াই আনে ?
২) মুকুতা মণি বুলি কবিয়ে কিহক বুজাইছে?
৩) ফটিক পানীত ধোৱা কি বস্তু ফুলৰ পাহীত জিলিকিছে ?
৪) সৰগত কোন টোপনি গৈ আছিল ?
৫) কবিয়ে কি সৰি থকাৰ কথা কৈছে ?
৬) নিয়ৰে হিয়াত কি সাঁচি থৈছে ?
৭) নিজম আকাশৰ নিচুক কথাটি কোনে হিয়াত সাঁচি থৈছে ?
৮) ফুলনিত কাৰ ডিঙিৰ মণি ছিগি ৰ'ল ?
৯) "ৰঙ্গিলীৰ ভাব হাঁহি নাচোনৰ ৰ'ল চিন এইকণি," ---- ইয়াত কি চিন ৰোৱা ৰ কথা কৈছে ?
১০) ফুলজুপি কিহে শোভা কৰি আছিল ?
১১) কবিয়ে আপোন ভাৱত বিভোৰ হৈ কি চাই আছিল ?
১২) নিয়ৰৰ কলিৰে সুশোভিত ফুলজুপিত থকা নিয়ৰ কিহে সৰাই পেলালে ?
১৩) নিয়ৰ কবিতাৰ কবি কোন ?
১৪) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ শ্ৰেষ্ঠ কবিতা পুথিখনৰ নাম কি ?
১৫) চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কিয় কোৱা হয় ?
১৬) প্ৰতিমাৰ খনিককৰ বুলি কোনজন কবিক কোৱা হয় ?
১৭) কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতা পুথিৰ নাম লিখা ।
১৮) 'জোনাকী কাকত ' ৰ প্ৰথম সম্পাদক কোন আছিল ?
১৯) জিনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কাক কোৱা হয় ?
২০) নিয়ৰ কবিতাৰ মূলভাৱ লিখা ।
২১) ব্যাখ্যা কৰা -
ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি,
ৰঙ্গিলীৰ ভাৱ হাঁহি নাচোনৰ ৰ'ল চিন এইকণি।
Comments
Post a Comment