মাটি লব পৰা নহ'ব, কথাটো কবি। মই কেনেকৈ ক'ৰ পৰা টকা আহিব সেইবোৰকেই চিন্তা কৰি আছো। জমা টকা এটকাও নাই। মন থাকিলেও নোৱাৰিম এতিয়া। লব পৰা হ'লে বহুত ভাল আছিল। মানুহে ধাৰলৈ পইচা কোনে দিব। বাগান ত যিমান খৰচ, দৰৱ পাতিৰ যিমান খৰচ, পইচা কেইটামান ওলাব ,তাকো পাতৰ চিজন গলেই, এতিয়া মানুহে পইচাও নিদিয়ে। আৰু বেলেগৰ পৰা ধাৰ লৈ মাটিও নলও। পইচা জমা মোৰ ওচৰত নাই। যি পাইছো মাহটো চলিছো। সাচিব পৰাই নাই। তোৰ ওচৰতো নাই। পাপু ৰ হাতত ও নাই, থকা হ'লে ধাৰ বিচাৰি নুফুৰিলেহেতেন। নবৌ ৰ দিন ও পাই আছেহি, সি পইচা ক'ৰপৰা দিব? 

                  মোৰ হাতত এটাই উপায় আছে লোণ লোৱা। যদি ৮ লাখ টকা লোণ লও, তেতিয়া ৫ বছৰলৈ একো কৰিব নোৱাৰোঁ‌। মাহে ১৮,০০০ টকাকৈ ৫ বছৰ কাটিব বেংকে। লোণৰ পইচা কাটিব, দৰমহা পইচাৰ হাতত থাকিব ১০,০০০। দোকানত ধাৰ মৰা, ঘৰত চলিবলৈ দিয়া, মাহটোৰ বাবে পকেট খৰচা, মবাইল ৰিচাৰ্জ, বাইকৰ পেট্ৰল, লাইন বিল, চান্দা দিয়া, ধাৰ মৰা ইত্যাদি কোনটো কাম কৰিম। এফালে আগৰ লোণৰ ধাৰ আছেই। আৰু আমাক ইমান টকা লোণ নিদিয়েও। কাৰণ দৰমহা ৰেগুলাৰ নহয়। 

           লোণ লৈ লেট্ৰিন- বাথৰোম বনাব লাগিব, লগতে ডিম্পীক বিয়াও দিব লাগিব।যদি এইটো কাৰণত লোণ লৈ লও, ৫ বছৰলৈ আকৌ লোণ লব নোৱাৰিম। সেইজনী ঘৰতে বুঢ়ী হবগৈ। লোণ লৈ মাটি ললে একোৱেই কৰিব নোৱাৰিম , দোকানৰ ধাৰ ও মাৰিব নোৱাৰিম, ছোৱালীজনী ক বিয়া দিবলৈ ও নোৱাৰিম। কাৰণ ৫ বছৰলৈ ধাৰেই মাৰি থাকিব লাগিব। 

              

Comments