অতীতক নাযাবা পাহৰি
1. প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোন আহিছিল?
উত্তৰ :- প্ৰত্নতত্ত্ববিদ ড° বিপিন চন্দ্ৰ দাস।
২।প্ৰত্নতত্ত্ববিদ ড° বিপিনচন্দ্ৰ দাস ক প্ৰত্নতত্ত্ব সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰিবলৈ বিদ্যালয়লৈ কোনে আমন্ত্ৰণ জনাইছিল ?
উত্তৰ :- প্ৰধান শিক্ষক কমল শৰ্মাই।
৩। কেইখনমান পুৰণি তীৰ্থ-স্থানৰ নাম লিখা।
উত্তৰ :- কামাখ্যা মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱা মক্কা, মদন কামদেৱ মন্দিৰ, তাম্ৰেশ্বৰী মন্দিৰ, উগ্ৰতাৰা মন্দিৰ, মহাভৈৰৱ মন্দিৰ।
৪। কলাসম্পদ কি ?
উত্তৰ :- অতীতৰ শিল্পকলা, স্থাপত্য, ভাস্কৰ্য্য, লিপি, মুদ্ৰা, বুৰঞ্জী,প্ৰসিদ্ধ স্থান, দলিল আদি যিবিলাক সম্পদে সেই যুগৰ ঐতিহ্য,বুৰঞ্জী, বিজ্ঞান, ধৰ্ম, দৰ্শন আদিৰ সম্ভেদ দিয়ে, তেনে সম্পদবোৰেই হৈছে কলাসম্পদ।
৫। কলাসম্পদ সমূহে কিহৰ বিষয়ে কয়?
উত্তৰ :- কলাসম্পদ সমূহে অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়।
৬। প্ৰত্নতত্ব কাক বোলে? কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম লিখা।
উত্তৰ :- প্ৰত্নতাত্ত্বিক সম্পদসমূহৰ বিজ্ঞানসন্মত অধ্যয়ণক প্ৰত্নতত্ত্ব বোলে। কেইবিধমান প্ৰত্নতাত্ত্বিক সম্পদৰ নাম হ'ল প্ৰাচীন মঠ-মন্দিৰ, লিপি, বাচন-বৰ্তন, আ-অলংকাৰ আদি।
৭। খনন কাৰ্য ৰ জৰিয়তে উদ্ধাৰ হোৱা সম্পদসমূহ ৰ অধ্যয়ণৰ জৰিয়তে আমি কি কি জানিব পাৰোঁ ?
উত্তৰ :- খনন কাৰ্য ৰ জৰিয়তে উদ্ধাৰ হোৱা সম্পদসমূহৰ জৰিয়তে আমি সেই সময়ৰ মানুহৰ জীৱন ধাৰণৰ প্ৰণালী, বসতি স্থান, কলা-সংস্কৃতি, ধৰ্ম, দৰ্শন, আদিৰ বিষয়ে জানিব পাৰি।
৮। কিমান বছৰৰ পুৰণি সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়?
উত্তৰ :- প্ৰাক ঐতিহাসিক যুগৰে পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ পৰা এশ বছৰৰ পুৰণি সকলো সম্পদক প্ৰত্নতাত্ত্বিক সম্পদ হিচাপে ধৰা হয়।
৯। অ'ভাৰহেড প্ৰজেক্টৰ কি ?
উত্তৰ :- ই এবিধ প্ৰক্ষেপণ যন্ত্ৰ। ইয়াৰ সহায়ত স্বচ্ছ কাগজত লিখি লোৱা কথা বা ছবি আদি প্ৰতিফলক পৰ্দাত ডাঙৰকৈ দেখুৱাব পাৰি।
১০। সূৰ্য পাহাৰ কোন জিলাত অৱস্থিত ?
উত্তৰ :- গোৱালপাৰা জিলাত।
Comments
Post a Comment